Monday, July 30, 2018

অনুৰোধ

অনুৰোধ


নিদিবা দুখ এনেকৈ বাৰে বাৰে সহিব নোৱৰা

আজিও কম হোৱা নাই মোৰ মনৰ বেদনা,

তোমাৰ বাবে হ’ব পাৰে যৌৱন

এখনি অন্তহীন মুকলি আকাশ

তাৰে হ’লা পখী তুমি পাখি মেলি উৰি ফুৰা

নোৱাৰোঁ তোমাৰ লগত উৰিব

মই যে হ’লো সজাত বন্ধা,

নিদিবা দুখ আৰু সচাই সহিব নোৱাৰা

এইখন যে মোৰ থূনুকা হিয়া ।

                                                                         অভিজিৎ গগৈ

Assamese poem

No comments:

Post a Comment