Tuesday, July 31, 2018

পৰিচয়

পৰিচয়

লুইতৰ বিশালতা কি  যে সুন্দৰ

শান্ত মনেৰে বৈ আছে ক’ত যে ইতিহাস লৈ

যুগ যুগান্তত ক’ত জন আহি গ’ল

ক’ত জনে ৰাখি গ’ল নিজৰ চানেকি,

লুইতৰ বুকুত কিন্তু আজিও আছে

নজনা জনৰো কাহিনী

আজি লুইতক কৈ গ’লোঁ  “হে মহাবাহু 

সাচিঁ ৰাখিৱা মোৰো স্মিতি

পুনৰ জনম লৈ তোমাতে আহিম পৰিচয় বিচাৰি।”

                                              অভিজিৎ গগৈ

Abhijit Gogoi

No comments:

Post a Comment