Monday, July 30, 2018

অনুভূতি

অনুভূতি


গোলাপৰ দুটি পাহি নিয়ৰত তিতা

মলয়াৰ আবেশত ভাহি

চুই গ’লহি দু-গাল মোৰ,

শুনা-নুশুনা মাতিৰ সুৰে

নিলে ধুৱাই মোক স্বপ্নৰ তৃষ্ণাৰে;

ফুলৰ দলিচাৰে আগুৱাই থাকিলোঁ মই

অচিন স্বপ্নৰ উৰ বিচাৰি,

সচাই জনা নাছিলোঁ মই

সেয়া যে তোমাৰেই অনুভূতি!

                                              অভিজিৎ গগৈ


Abhijit Gogoi


No comments:

Post a Comment