Tuesday, July 31, 2018

ল’ৰালি

ল’ৰালি


আকাশৰ তৰা গনি চোতালতে শুই যোৱা

জোনাকি পৰুৱা ধৰিব খেদি ফুৰা

কুলিজনিৰ লগত সুৰে সুৰ মিলোৱা

সকলোবোৰ যে আজি

আইতাৰ সাধুৰ দৰে সাধু হৈ গ’ল!


Abhijit Gogoi

ডাঙৰ হব আহি ল’ৰালি গছকিলোঁ

এতিয়া আকৌ ল’ৰালিকে বিচাৰোঁ

মাথোঁ এটাই প্ৰশ্ন আজি

ঘূৰাই জানো পাম ল’ৰালি !!!

                                                                          অভিজিৎ গগৈ

No comments:

Post a Comment