Tuesday, July 31, 2018

পৰিচয়

পৰিচয়

লুইতৰ বিশালতা কি  যে সুন্দৰ

শান্ত মনেৰে বৈ আছে ক’ত যে ইতিহাস লৈ

যুগ যুগান্তত ক’ত জন আহি গ’ল

ক’ত জনে ৰাখি গ’ল নিজৰ চানেকি,

লুইতৰ বুকুত কিন্তু আজিও আছে

নজনা জনৰো কাহিনী

আজি লুইতক কৈ গ’লোঁ  “হে মহাবাহু 

সাচিঁ ৰাখিৱা মোৰো স্মিতি

পুনৰ জনম লৈ তোমাতে আহিম পৰিচয় বিচাৰি।”

                                              অভিজিৎ গগৈ

Abhijit Gogoi

শূণ্য

শূণ্য


নুবুজিলে নিজকে

বুজিব নোৱাৰি আনক

হাঁহিব নাজানিলে

কেনেকৈ হহোঁৱাও লোকক

Abhijit gogoi


সৃষ্টি মোৰ বিশাদৰ!

শব্দই আছিল মোৰ লগৰী

চাইছিলোঁ নিজকে কবিতাৰ চলেৰে

আজি সেয়াও উকা

ৰিক্ত যে মোৰ কলমৰ চিয়াঁহি।

                                                             অভিজিৎ গগৈ

ল’ৰালি

ল’ৰালি


আকাশৰ তৰা গনি চোতালতে শুই যোৱা

জোনাকি পৰুৱা ধৰিব খেদি ফুৰা

কুলিজনিৰ লগত সুৰে সুৰ মিলোৱা

সকলোবোৰ যে আজি

আইতাৰ সাধুৰ দৰে সাধু হৈ গ’ল!


Abhijit Gogoi

ডাঙৰ হব আহি ল’ৰালি গছকিলোঁ

এতিয়া আকৌ ল’ৰালিকে বিচাৰোঁ

মাথোঁ এটাই প্ৰশ্ন আজি

ঘূৰাই জানো পাম ল’ৰালি !!!

                                                                          অভিজিৎ গগৈ

Monday, July 30, 2018

অনুৰোধ

অনুৰোধ


নিদিবা দুখ এনেকৈ বাৰে বাৰে সহিব নোৱৰা

আজিও কম হোৱা নাই মোৰ মনৰ বেদনা,

তোমাৰ বাবে হ’ব পাৰে যৌৱন

এখনি অন্তহীন মুকলি আকাশ

তাৰে হ’লা পখী তুমি পাখি মেলি উৰি ফুৰা

নোৱাৰোঁ তোমাৰ লগত উৰিব

মই যে হ’লো সজাত বন্ধা,

নিদিবা দুখ আৰু সচাই সহিব নোৱাৰা

এইখন যে মোৰ থূনুকা হিয়া ।

                                                                         অভিজিৎ গগৈ

Assamese poem

অনুভূতি

অনুভূতি


গোলাপৰ দুটি পাহি নিয়ৰত তিতা

মলয়াৰ আবেশত ভাহি

চুই গ’লহি দু-গাল মোৰ,

শুনা-নুশুনা মাতিৰ সুৰে

নিলে ধুৱাই মোক স্বপ্নৰ তৃষ্ণাৰে;

ফুলৰ দলিচাৰে আগুৱাই থাকিলোঁ মই

অচিন স্বপ্নৰ উৰ বিচাৰি,

সচাই জনা নাছিলোঁ মই

সেয়া যে তোমাৰেই অনুভূতি!

                                              অভিজিৎ গগৈ


Abhijit Gogoi


Sunday, July 29, 2018

মই নিশব্দ পক্ষী

মই নিশব্দ পক্ষী


নিষ্ঠুৰ নিয়তিয়ে ক’ত বুজিব

বুকুত লৈ আছোঁ কত যে বেথা!

দূৰণিত কত পক্ষী উৰি গৈ আছে

উন্মাদ কিৰিলীয়ে

এখন নতুন আকাশ বিচাৰি;

বিকল মোৰ দুই ডেউকা

নোৱাৰোঁ যাব আকাশ বিচাৰি!

অসহায় এই জীৱন মোৰ

হৈ ৰ’লোঁ নিশব্দ পক্ষী!!


                                  অভিজিৎ গগৈ।

abhijit gogoi